WALL MAGAZINE 2024
অসম - বৈচিত্ৰ্যৰ ভূমি
( Assam - The land of diversity )
অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি।
~ ড০ ভূপেন হাজৰিকা
অসম বৈচিত্ৰ্যৰ ভূমি তথা ভাৰতবৰ্ষৰ উওৰ-পূৰ্বাঞ্চলৰ প্ৰাণ স্বৰূপ। ভাৰতৰত্ন তথা গীতিকাৰ, সুৰকাৰ ড° ভূপেন হাজৰিকাদেৱৰ ভাষাত অসমৰ সংজ্ঞা দিব গ'লে ক'ব পৰা যাব যে, অসম অনন্ত গুণেৰে সমৃদ্ধ ভূমি আৰু গোটেই জীৱন একাকাৰ কৰিলেও ইয়াৰ তুলনীয় অইন কোনো ঠাই পোৱাটো অসম্ভৱ। অসমৰ এনে অতুলনীয়তাৰ আঁতৰ লুকাই আছে ইয়াৰ লোকসকলৰ একতা, মানৱীয়তা তথা বিচিত্ৰতা। অসমৰ বৈচিত্ৰ্য ইয়াৰ লোকসকলৰ সাধাৰণ জীৱন প্ৰণালী আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ এক প্ৰতিফলন। জৈৱ বৈচিত্ৰ্যৰ কথাই কোৱা হওঁক বা সাংস্কৃতিক বৈচিত্ৰ্যৰ, অসম অতীতৰে পৰা এক সুকীয়া পৰিচয়ৰে বিশ্বৰ আগত থিয় দি আছে। জনগোষ্ঠীয় বৈচিত্ৰ্যৰ ফালৰ পৰা চাব গ'লে, অসম বৰ্তমান ৩০ৰো অধিক ভিন ভিন জনগোষ্ঠীৰ বসতিস্থান, আকৌ জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা এশিঙীয়া গঁড়, দেওহাঁহ, শিহু, নাহৰফুটুকী বাঘ আদিৰ দৰে দুষ্প্ৰাপ্য জীৱৰ বসতিস্থল। ইয়াৰ উপৰিও অসমৰ চাহ, বাঁহ তথা মৰাপাটৰ বিষয়ে সমগ্ৰ বিশ্ব পৰিচিত আৰু ৰংঘৰ, কামাখ্যা মন্দিৰ, বৃন্দাৱনী বস্ত্ৰ, মুখা শিল্প, সত্ৰীয়া নৃত্য তথা বিহুৱে অতীতৰে অসমক বিশ্বৰ আগত জিলিকাই ৰাখিছে। সঁচাই অসম বৈচিত্ৰ্যময়, ইয়াৰ গুনৰো অন্ত নাই, ইয়াৰ তুলনীয়ও কোনো নাই।
জৈৱ বৈচিত্ৰ্য
এশিঙীয়া গঁড় : পৰ্যটকৰ অন্যতম আকৰ্ষণ তথা প্ৰতিজন অসমীয়াৰ স্বাভিমান, অসমৰ গৌৰৱ এশিঙীয়া গঁড়। বৰ্তমান এই পৃথিৱীত জীয়াই থকা প্ৰাগ ঐতিহাসিক প্ৰাণীসমূহৰ ভিতৰত এশিঙীয়া গঁড় অন্যতম। ২০২২ বৰ্ষৰ এক অনুসন্ধান অনুসৰি অসমত প্ৰায় ২৮৮৫ টা গঁড় আছে। ইয়াৰে কাজিৰঙাত ২৬১৩ টা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ১২৫ টা, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭ টা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও ৪০ টা গঁড় আছে। বজাৰত এশিঙীয়া গঁড়ৰ খৰ্গৰ উচ্চ মূল্যই ইয়াৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে। সেয়েহে গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে প্ৰতি বছৰৰ ২২ ছেপ্তেম্বৰত "বিশ্ব গঁড় দিৱস" পালন কৰা হয়। বৰ্তমান অসমৰ প্ৰতিজন অসমীয়াই এই এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কঠোৰ প্ৰদক্ষেপ লোৱা উচিত, কিয়নো ই অসমৰ বিৰল জৈৱ বৈচিত্ৰ্যৰ জীয়া দলিল।
চাহখেতি : অসমৰ বিভিন্ন পৰিচয়সমূহৰ ভিতৰত চাহখেতি অন্যতম। ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ চাহাবে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত চাহগছ আৱিষ্কাৰ কৰিছিল। ইয়াৰ মাটি আৰু জলবায়ু চাহখেতিৰ বাবে বেছি উপযোগী। অসমত চাহ ৰোপণ আৰম্ভ কৰা প্ৰথমজন ভাৰতীয় আছিল মণিৰাম দেৱান। তেখেতে ১৮৫৩ চনত অসমত দুখন চাহ বাগিছা স্থাপন কৰে । প্ৰথমখন “চিনামৰা চাহ বাগিছা" আৰু দ্বিতীয়খন “চেলেং চাহ বাগিছা"। বৰ্তমান অসমত ডাঙৰ চাহ বাগিচাৰ সংখ্যা হৈছে প্ৰায় ৮০০। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাৰ সংখ্যা হৈছে এক লাখৰো অধিক।
দেওহাঁহ : দেওহাঁহ অসমৰ জাতীয় চৰাই তথা অসমৰ বৈচিত্ৰ্যময় জীৱকূলৰ আপুৰুগীয়া সম্পদ। দেওহাঁহ এবিধ ডাঙৰ আকাৰৰ হাঁহৰ প্ৰজাতি। ইয়াৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক 'দেওহাঁহ' বুলি কোৱা হয়। ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্র বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে। অসমত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।
মৰাপাট : অসম কৃষি প্ৰধান দেশ। অসমত ধানৰ পাছতে বাৰিষাকালত কৰা শস্যসমূহৰ অন্যতম মৰাপাট । মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি আৰু উষ্ণ সেমেকা জলবায়ু উপযোগী।মৰাপাট এবিধ লাভজনক খেতি; বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভুমিৰ পৰা প্ৰায় ৩ ৰ পৰা ৪ কুইণ্টল উৎপাদন কৰিব পাব পাৰি। অসমৰ প্ৰায় ৫৮,০০০ হেক্টৰ কৃষিভুমিত মৰাপাটৰ খেতি কৰি বছৰি প্ৰায় ৫৫,৯০০ টন উৎপাদন কৰা হয়। সাধাৰণতে মৰাপাট বিভিন্ন প্ৰকাৰৰ সামগ্ৰী , যেনে- কাপোৰ, বেগ, কাৰ্পেট, পৰ্দা, কম্বল, ৰছী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। এইবিধ শস্যই কেৱল জাতীয় অৰ্থনীতিতে নহয় দেশৰ অৰ্থনীতিতো যথেষ্ট বৰঙণি যোগাই আহিছে।
নাহৰফুটুকী বাঘ : অসমৰ সমৃদ্ধ আৰু বৈচিত্ৰৰ এক ৰাজকীয় প্ৰতীক হল নাহৰফুটুকী বাঘ । ইয়াৰ স্বকীয় আৰু ময়াময় ৰূপে স্থানীয় লোক আৰু বন্যপ্ৰাণী উৎসাহী দুয়োকে আকৰ্ষিত কৰে । অতুলনীয় আৰ্হিয়ে সজ্জিত্ব ইয়াৰ জীৱন্ত কুটৰ বাবে জনাজাত নাহৰফুটুকী বাঘ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সুৰক্ষিত অভয়াৰণ্যৰ সেউজীয়া পৰিবেশত নিৰ্বিঘ্নে মিহলি হয়। বনৰীয়া মেকুৰীৰ প্ৰজাতি সমূহৰ ভিতৰত নাহৰফুটুকী বাঘ আটাইতকৈ বহুলভাৱে বিস্তৃত প্ৰজাতি । বিলুপ্ত পথত আগবাঢ়ি যোৱা বাঘৰ এই প্ৰজাতিটো অসমৰ অৰণ্যত পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে
বাঁহ : অসমৰ সাংস্কৃতিক, সামজিক আৰু অৰ্থনৈতিক দিশত বাঁহে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। অসমৰ জলবায়ু বাঁহ খেতিৰ বাবে অতি উপযোগী আৰু ইয়াৰ হাবিবোৰত ২৬ বিধ বাঁহ প্ৰজাতি পোৱা যায়। বাঁহৰ স্বাভাৱিক গুন আৰু সহজে ব্যৱহাৰযোগ্য হোৱা বাবে ই এক প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে। অসমৰ গৌৰৱ জাপিটোৰে আৰম্ভ কৰি সঘনাই ব্যৱহাৰ বাঁহী, গগনা, টকা, ছেপা, খালৈ তথা অসমীয়া শিপিনীৰ হিয়াৰ আমঠু তাঁতশালখনৰ মহুৰা, খুড়া, টোকোৰা, উখা, চেৰেকীটোলৈকে বাঁহেৰে তৈয়াৰ কৰা হয়। অসমীয়া খাদ্যতো বাঁহৰ প্ৰচুৰ ব্যৱহাৰ দেখা যায়। মুঠতে ক'ব গলে অসমীয়া জাতীয় জীৱনত বাঁহৰ মনকৰিবলগীয়া।
শিহু : যিদৰে অসমৰ পাহাৰ-ভৈয়ামে অসমৰ বৈচিত্ৰ্যতাৰ প্ৰতীকসমূহ জীয়াই ৰাখিছে, তেনেদৰে মহাবাহু ব্ৰহ্মপুত্ৰও নিজৰ মাজত নানান বিচিত্রতা সামৰি ৰাখিছে। ব্ৰহ্মপুত্ৰৰ বিৰল বৈচিত্ৰ্যতাৰ সৰু এক উপমা হ'ল শিহু। শিহু এক প্ৰকাৰৰ নেত্ৰহীন জলচৰ স্তন্যপায়ী প্ৰাণী। ইয়াৰ ঘ্ৰাণ শক্তি অতি প্ৰৱল। ব্ৰহ্মপুত্ৰত এটা সময়ত উভৈনদী হৈ থকা শিহু শেহতীয়াভৱে উদ্বেগজনক হাৰত দ্ৰুত গতিত কমি অহা পৰিলক্ষিত হৈছে। ১৯৯৬ চনত আন্তৰ্জাতিক পৰিবেশ সংৰক্ষণ পৰিষদে শিহুক বিলুপ্ত প্ৰায় জীৱ ৰূপে স্বীকৃতি দিছে।
সাংস্কৃতিক বৈচিত্ৰ্য
বিহু : বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ। ই কোনো এটা নির্দিষ্ট গোষ্ঠী বা ধৰ্মৰ উৎসৱ নহয়, ই অসমত বসবাস কৰা সকলো ধৰ্ম-সম্প্রদায়ৰে উৎসৱ। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ। কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ব'হাগ বা ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্রান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত মাঘ বা ভোগালী বিহু পালন কৰা হয়। ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান আৰু ইয়াৰ লগত জড়িত হৈ আছে ভিন্ন ৰং-তামাচা, নৃত্য-গীত, ৰীতি-নীতি আদি। আনহাতে, মাঘ বিহুক মূলতঃ সামূহিক ভোজ, মেজিঘৰ আৰু পৰম্পৰাগত খেল যেনে ম'হ যুঁজ, কুকুৰা যুঁজ আদিৰে চিহ্নিত কৰা হয়। আকৌ, কাতি বিহু নিৰানন্দ আৰু হতাশাৰ মাজতে পালন কৰা হয়। কিয়নো এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাটনে কৃষকক হেঁচি ধৰে। অসমীয়া সমাজত প্ৰতিটো বিহুৰে সুকীয়া মৰ্যদা আছে। মুঠতে ক'ব গলে বিহু অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ জীয়া দলিল।
আলি আঃয়ে লৃগাং : আলি আঃয়ে লৃগাং কেৱল এটা উৎসৱৰ নামেই নহয়,ই মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন। মিচিং ভাষাত 'আলি' মানে বীজ, 'আঃয়ে' মানে ফল আৰু 'লৃগাং' শব্দটিয়ে আৰম্ভণি বা ৰুপন কৰা বুজায়। প্ৰতিবছৰৰ ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে মিচিং সকলে এই উৎসৱ পালন কৰে। বসন্ত কালত অনুষ্ঠিত হোৱা বাবে ইয়াক 'বসন্ত উৎসৱ' বুলিও কোৱা হয়। সাধাৰণতে এই উৎসৱত আবেলি পৰত শস্য সিচাঁ হয়, পিছত সকলো ৰাইজে মিলি পিঠা আৰু আপংৰ দৰে সুস্বাদু খাদ্যৰ সোৱাদ লয়, নৃত্য, গীত আৰু ভাৱ বিনিময়ৰ বাবে একত্ৰিত হয়। জনবিশ্বাস অনুসৰি লৃগাং উৎসৱত গুমৰাগ নানাচিলে আৰু বৰকাহঁ নবজালে বৰষুণ নহয় লগতে বীজ অংকুৰিত নহয়। প্ৰকৃতাৰ্থত এই উৎসৱে প্ৰকৃতিৰ আশীৰ্বাদক সন্মান কৰাৰ লগতে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যকো জীপাল কৰি তুলিছে।
ওজাপালি : অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক ক্ষেত্ৰখনত যিসমূহ লোককলা ভোটা তৰাৰ দৰে জিলিকি আছে তাৰ মাজত ওজাপালি অন্যতম। প্ৰাক্ শংকৰী যুগৰ পৰাই অসমৰ সমাজত ওজাপালি প্ৰচলিত হৈ আহিছে। নৃত্য-গীত-তালক লৈয়ে ওজাপালি। ওজাপালি দলত এজন ওজা আৰু চাৰিজনৰ পৰা ছজনলৈ পালি থাকে। ওজাই ‘দিহা’ৰে আৰম্ভ কৰি কোনো এটা পৌৰাণিক কাহিনী বা আখ্যান বিভিন্ন ৰূপত গাই যায় আৰু পালিসকলে মঞ্জিৰ বা খুটি তাল বজাই সেই গীত দোহাৰে আৰু ভৰিৰে তাল ৰাখি যায়। ই প্ৰাক্ শংকৰী যুগৰ সংকৃতিৰ স্বাক্ষৰ বহন কৰাৰ লগতে অসমৰ বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু অধিক জীপাল কৰিছে।
জোনবিল মেলা : জোনবিল মেলা পাহাৰ-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ মিলন তীৰ্থ। মৰিগাঁও জিলাৰ জাগীৰোডৰ পৰা নাতি দূৰৈত অৱস্থিত জোনবিলৰ পাৰত মাঘবিহুৰ তিনি দিনৰ পাছতেই এই মেলা অনুষ্ঠিত হয়। প্ৰণিধানযোগ্য যে এই মেলা মূলতঃ উৎপন্ন দ্ৰৱ্যাদিৰ বিনিময়ৰ বজাৰ। দূৰ দূৰণিৰ পাহাৰ ভৈয়ামৰ পৰা তিৱা,কাৰ্বি,খাছি,বড়ো আদি জনজাতীয় লোকসকলে আলু,কচু,আদা,লা ইত্যাদি বেহাবলৈ লৈ আনে আৰু ভৈয়ামৰ লোকসকলে তিলৰ পিঠা,শুকান মাছ,সান্দহ আদি বিনিময়ৰ বাবে লৈ আনে। পাহাৰীয়া সকলে ভৈয়ামৰ পৰা যোৱা লোকসকলক মামা-মামী সম্বোধন কৰি সামগ্ৰী সমূহ বিনিময় কৰি লয়।এই মেলাই তিৱা সকলৰ ঐতিহাসিক স্বাক্ষৰ বহন কৰাৰ লগতে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যকো ৰঙীন কৰি তুলিছে।
সত্রীয়া নৃত্য : অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হ'ল সত্রীয়া নৃত্য। এই নৃত্য ভাৰতৰ আঁঠটা মুখ্য ধ্ৰুপদী নৃত্য পৰম্পৰাৰ ভিতৰৰ এটা অন্যতম নৃত্য কলা। চৌষষ্ঠি কলাৰ বিশাৰদ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পঞ্চদশ শতিকাতে অংকীয়া নাট ভাওনাৰ মাধ্যমেৰে এই নৃত্য ধাৰাটিৰ সৃষ্টি কৰিছিল। সত্ৰীয়া নৃত্যৰ ‘সত্ৰীয়া’ শব্দটো ‘সত্ৰ’ৰ পৰা আহিছে। সত্ৰীয়া নৃত্যৰ মূল উপাখ্যানৰ কাহিনী। সাধাৰণতে সত্ৰীয়া নৃত্যৰ জৰিয়তে ৰাইজক উপাখ্যানৰ শিক্ষা অতি সহজ, ক্ষীপ্ৰ আৰু মনোৰঞ্জনৰে আগবঢ়োৱা হয়।
মহোহো : অসমৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ ভিতৰত নামনি অসমৰ "মহোহো" সংস্কৃতিও বিশেষ ভাৱে উল্লেখনীয় | মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত। মহোহো আঘোণ মাহৰ পূৰ্ণিমাত উদ্যাপন কৰা হয়। এই উৎসৱত গধূলি গাঁৱৰ চেমনীয়া ডেকাসকলে হাতত টোকোন লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি মহোহো গীত গায় আৰু গৃহস্থক আশীৰ্বাদ দি চাউল-পইচা লোৱা হয়। লোক বিশ্বাস মতে মহোহো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়।
ৰাস : ৰাস উৎসৱ অসমৰ এটা অতি গুৰুত্বপূৰ্ণ তথা জনপ্ৰিয় উৎসৱ। ৰাস উৎসৱৰ ইতিহাস বহু পুৰণি।ৰাস শব্দটি মূলতঃ “ৰস” শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰে পৰাই ৰাস উৎসৱৰ আৰম্ভণি হোৱা বুলি কোৱা হয়।মাজুলীত উৎপত্তি হোৱা ৰাস উৎসৱ বৰ্তমান অসমৰ চুকে-কোণে উদযাপন কৰা হয়।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা “কেলিগোপাল” নাটখনকেই অসমৰ ৰাস উৎসৱৰ মূল ভেঁটি বুলি কোৱা হয়। ৰাস উৎসৱ হৈছে নৱ-বৈষ্ণৱ ধৰ্মৰ এটা অপৰিহাৰ্য অংগ তথা অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ এক জীয়া উপমা।
জনজাতীয় বৈচিত্ৰ্য
আহোম : অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি আৰু এই জনগষ্ঠীসমূহৰ অন্যতম হ'ল আহোমসকল। আহোমসকল মূলতঃ টাই জাতিৰ মানুহ। এওঁলোক ১২২৮ খ্ৰী.ত চুকাফা ৰজাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ পূব অসম বা তেতিয়াৰ সৌমাৰত ৰাজ্য স্থাপন কৰে। অসমীয়া সাহিত্যৰ কথাই কোৱা হওঁক বা অসমৰ স্থাপত্য শিল্পৰ আহোমসকলৰ অৱদান অসীম। ৰংঘৰ, কাৰেংঘৰ, নামদাং শিলৰ সাকোঁ আদি আহোম স্থাপত্য কলাৰ অন্যতম উাহৰণ। ইয়াতেই উল্লেখযোগ্য যে অসমীয়াৰ গৌৰৱ মুগা কাপোৰ আহোমসকলৰ এক অনবদ্য অৱদান। এওঁলোকৰ সংস্কৃতিও অতি বৈচিত্ৰময়। বিবাহিত আহোম মহিলাসকলে সেন্দুৰ নলয় সেয়েহে ৰিহা খনেই তেওঁলোকৰ সাংসাৰিক জীৱনৰ অলংকাৰ। সঁচাই, একোটা ৰাজবংশৰ এনে ঐতিহাসিক ৬০০ বছৰীয়া ৰাজত্বৰ উদাহৰণ ভাৰত বুৰঞ্জীতে নহয়, পৃথিৱীৰ যিকোনো বুৰঞ্জীতে বিৰল।
কাৰ্বি : কলাগুৰু বিষ্ণপ্ৰসাদ ৰাভাই অসমৰ কলম্বাছ বুলি আখ্যা দিয়া কাৰ্বিসকল অসমৰ এক প্ৰাচীন জনগোষ্ঠী। আগেয়ে কাৰ্বিসকল মিকিৰ বুলি জনাজাত আছিল যদিও বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু বাস কৰা জিলাখনকো কাৰ্বি আংলং জিলাৰ নামেৰে নামকৰণ কৰা হৈছে। সাধাৰণতে কাৰ্বিসকল ধৰ্মভিৰু। তেওঁলোকৰ কোনো নিৰ্দ্দিষ্ট ধৰ্ম আৰু মূৰ্ত্তি নাই, তেওঁলোকে অসংখ্য দেৱ-দেৱতা মানে। কাৰ্বিসকলৰ কোনো জাতীয় উৎসৱ বা বিহু নাই বুলিব পাৰি ,যদিও কৃষিভিত্তিক বা লখিমী উৎসৱ তেওঁলোকৰ মাজত বিশেষভাৱে প্ৰচলিত। মৃতকৰ শ্ৰাদ্ধ কৰা পৰম্পৰাটো সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজতে চলি অহা দেখা যায় যদিও কাৰ্বিসকলে এই পৰম্পৰাক এক উৎসৱ হিচাপেই পালন কৰি আহিছে আৰু ইয়াক "চমাংকান" নামেৰে জনা যায়। সঁচাই কাৰ্বিসকল বৈচিত্ৰময়।
ৰাভা : বৈচিত্ৰ্যপূৰ্ণ ভাষা-সাহিত্য-সংস্কৃতি, জাতি-উপজাতিৰে ভৰা অসমৰ এটা প্ৰাচীন জনগোষ্ঠী হ'ল ৰাভাসকল। ৰাভাসকল মূলতঃ এক আদিম জাতি। ভাৰতীয় সংবিধানত ৰাভা এটা জনজাতি ৰূপে স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে তেওঁলোকৰ ব্যাকৰণসন্মত ভাষাৰ লগতে গাণিতিক সংখ্যাও পৰিপূৰ্ণভাৱে আছে। ৰাভাসকল নিজস্ব কলা-সংস্কৃতিত চহকী। ৰাভাসমাজ লোকগীত, লোকসাধু, আৰু লোক-সংস্কৃতিৰে ভৰপূৰ। তেওঁলোক যে কলা সংস্কৃতিত চহকী তাৰ জ্বলন্ত উদাহৰণ হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰাভা জনগোষ্ঠীৰ কথাই কোৱা হওঁক বা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া জাতীয় জীৱনক এনে বৈচিত্ৰময় কৰি তোলাত তেওঁলোকৰ অবদান অপৰিহাৰ্য্য।
তিৱা : বর্তমান অসম প্রায় ৩০ ৰো অধিক ভিন ভিন জনগোষ্ঠীৰ বসতি স্থান আৰু ইয়াৰে অন্তর্গত এক জনগোষ্ঠী হ'ল তিৱাসকল। তিৱাসকল প্রচীন কালৰে পৰা বাস কৰি অহা এটা নৃগোষ্ঠী। পূৰ্বে এই জন-জাতিৰ লোকসকল 'লালুং' নামে পৰিচিত আছিল যদিও বৰ্তমানে এওঁলোকে নিজকে 'তিৱা' বুলি চিনাকি দিহে ভাল পায়। ভাষিক দিশৰ পৰা এওঁলোক 'বড়ো' থালৰ লোক। বৰ্তমান অসমৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাতেই এওঁলোকৰ ঘাই বসতি। নানা উৎসৱ-পাৰ্ৱণত চহকী তিৱাসকলৰ এটি উৎসৱ ‘বৰত উৎসৱ’। বৰত শব্দটো সংস্কৃতি ‘ব্ৰত’ শব্দৰ সৰলীকৰণ মাথোন। তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখনো বিশেষভাবে সমৃদ্ধ। মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি 'জোনবিল' মেলাখন প্রাচীন অর্থনীতিৰ জীয়া দলিল।
মিচিং : অসমৰ বৈচিত্ৰ্যময় জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম তথা দ্বিতীয় সৰ্ববহৎ জনগোষ্ঠীটো হ'ল মিচিং। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক ''মিৰি" নামেৰে চিহ্নিত কৰিছে। কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল আৰু তেওঁলোকে প্ৰধানতঃ আহু আৰু শালি ধানৰ খেতি কৰে। মিচিংসকলৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং, ইয়াৰ উপৰিও তেওঁলোকে মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু পালন কৰে। তেওঁলোকৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত। প্ৰচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচিব পাৰে। উল্লেখযোগ্য যে মিচিং ভাষা লোক-সাহিত্যৰ দিশত অত্যন্ত চহকী। অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত-মাতবোৰ তেওঁলোকৰ গৌৰৱ বহন কৰাৰ লগতে অসমৰ বৈচিত্ৰ্যক ভিন্ন ৰূপ প্ৰদান কৰিছে।
ঐতিহাসিক বৈচিত্ৰ্য
ৰংঘৰ : ৰংঘৰ পৰ্যটকৰ অন্যতম আকৰ্ষণ তথা অসমৰ ভাস্কৰ্য জগতৰ প্ৰাণস্পন্দন। শিৱসাগৰ জিলাত অৱস্থিত ৰংঘৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত অৱস্থিত। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহসিক পকী গৃহ যাক আহোম শাসনকালত পেভলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। ১৭৪৪ চনত স্বৰ্গদেউ প্রমক্ত সিংহৰ ৰাজত্ব কালত নিৰ্মান কৰা ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই ৰংঘৰে আহোম ৰাজত্ব কালৰে পৰাই অসমৰ বৈচিত্ৰ্যক বিশ্বৰ আগত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
হস্তীবিদ্যাৰ্নৱ : অসম হাতী প্ৰধান দেশ। ইয়াৰ পৰ্বতে কন্দৰে হাতী গেজঁখাই আছিল আৰু এতিয়াও কিছু পৰিমানে আছে। সুকুমাৰ বৰকাইথৰ 'হস্তীবিদ্যাৰ্নৱ 'পুথি খনো প্ৰকৃততে হাতী সম্পৰ্কীয় বিজ্ঞান পুথিহে । অসমীয়া হাতে লিখা সচিত্ৰ পুথিৰ ভিতৰত এই পুথিখনেই শ্ৰেষ্ঠ। ১৭৩৪ খ্ৰীষ্টাব্দৰ মহাৰাজ শিৱসিংহ আৰু কুঁৱৰী অম্বিকাদেৱীৰ নিৰ্দেশত বৰকাইথ ডাঙৰীয়াই এই পুথিখন সম্পাদনা কৰে। পুথিখনত সন্নিবিষ্ট ছবিসমূহ অঙ্কন কৰিছিল দিলবৰ আৰু দোচাই নামৰ দুজন শিল্পীয়ে। এই ছবিসমূহে আহোম যুগৰ চিত্ৰকলাক সুন্দৰ ভাৱে প্ৰতিনিধিত্ব কৰিছে। পুথিখনত ১৪৮ বিধ মখনা আৰু ১৭ বিধ মাখুন্দি হাতীৰ কথা উল্লেখ আছে। গ্ৰন্থখনত হাতীৰ চিকিৎসা ব্যৱস্থাৰ বিষয়েও বহুখিনি সন্নিৱিষ্ট হৈ আছে। লগতে হাতীশাল নিৰ্মাণৰ নিয়ম , হাতী দাঁতৰ মূল্য সম্পৰ্কেও উল্লেখ কৰিছে। গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃগুণ যুক্ত। প্ৰকৃতাৰ্থত এই পুথিখন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ।
কামাখ্যা মন্দিৰ : কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ । গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১ খন দেৱী পীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়।অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
বৃন্দাবনী বস্ত্ৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি তথা বৰ্তমান লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ লগতে বিশ্বৰ আন কেইবাটাও যাদুকৰী অংশ হৈ থকা বৃন্দাবনী বস্ত্ৰখন অসমৰ বৈচিত্ৰময় সংস্কৃতিৰ জীয়া উদাহৰণ। গুৰুজনাই মহাৰাজ নৰনাৰায়ণৰ কৃষ্ণলীলাৰ কথাবোৰ স্বচক্ষে চোৱাৰ আগ্ৰহৰ প্ৰতি সহাঁৰি জনাই বৃন্দাবনৰ ভিন্ন চিত্ৰ অংকন কৰে। পিছত এই চিত্ৰৰ আৰ্হিতে এই বস্ত্ৰখন তৈয়াৰ কৰে। ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল বস্ত্ৰখন ব'বলৈ গুৰুজনাই বাৰজন মৰল বা তাতীঁ নিয়োগ কৰিছিল। বৃন্দাবনী বস্ত্ৰখনৰ প্ৰথম পট আৰম্ভ হৈছে কৃষ্ণ জন্ম হোৱা সুতিকা গৃহটোৰ চানেকিৰে। তাৰ পিছত একাদিক্ৰমে বাসুদেৱে যমুনানদী অতিক্ৰম কৰি নন্দৰ গৃহ পোৱাৰ পৰা ক্ৰমাগতভাৱে বৃন্দাবনত কৃষ্ণৰ লীলাসমূহৰ চিত্ৰ ৰূপায়ন কৰা হৈছিল,এই বস্ত্ৰভাগিত। উল্লেখযোগ্য যে বৃন্দাবনী বস্ত্ৰৰ ৰঙৰ উজ্জলতাই আধুনিক যুগৰ লগত ফেৰমাৰি যুগ যুগ ধৰি বিশ্বৰ আগত জিলিকি আছে।
সত্ৰ : শঙ্কৰদেৱৰ ধৰ্ম, সাহিত্য আৰু সংস্কৃতিলৈ থকা অৱদানসমূহ সততে সর্বজন বিদীত। তাৰে এক অন্যতম উপমা হৈছে "সত্ৰ" সমূহ । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ আদিকালতে সত্ৰৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয় । শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল । বৰদোৱাৰ পিছতে শঙ্কৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধোৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা চৰিত পুথিত উল্লেখ আছে । প্ৰথমতে অসমত ৬৬৫ খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই । এইকেইখনৰ ভিতৰত ৬৫ খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনতে আছে । যি কি নহওঁক সত্ৰই অসমৰ ঐতিহাসিক বৈচিত্ৰক জিপাল কৰি ৰাখিছে
শৈল্পিক বৈচিত্ৰ্য
বয়ন শিল্প : বয়ন শিল্প অসমৰ কুটীৰ শিল্পৰ এক অন্যতম অংগ। মহাত্মা গান্ধীয়ে অসমৰ শিপিনীয়ে নিজ হাতে কাপােৰ বােৱা কৌশলত বিমােহিত হৈ মন্তব্য কৰিছিল : “অসমীয়া তিৰােতাই তাঁত শালত সৰগ ৰচে।” আহোম স্বৰ্গদেউসকলৰ পৃ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অতুলনীয় উন্নতি হৈছিল। অসমৰ বাবে গৌৰবৰ কথা যে ভাৰতৰ মুঠ ২৮ লাখ তাত শালৰ ২৩ লাখ তাতশাল অসমতেই আছে। অসম গৌৰৱ গামোচা তথা চাদৰ মেখেলাও এই বয়ন শিল্পৰেই সৃষ্টি।
কাঁহ-পিতল শিল্প : অসমত প্ৰাচীন কালৰে পৰাই সোণ,ৰূপ,কাঁহ পিতলৰ বাবে বিখ্যাত।পুৰণি অসমৰ শিল্প সমূহৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম।অসমৰ কামৰূপ জিলাৰ হাজো, বৰপেটা জিলাৰ সৰ্থেবাৰী আদি অঞ্চলতেই কাঁহ - পিতল শিল্প কেন্দ্ৰীভূত হৈ আছে। আহোম ৰাজত্ব কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ - পিতল শিল্পৰ বিকশিত হবলৈ ধৰিছিল। যি কি নহওঁক পাঁচ শ বছৰৰো অধিক পুৰণি এই কাঁহ - পিতল শিল্পই এতিয়াও অসমৰ স্বকীয়তা বজাই ৰাখিছে।
চিত্ৰকলা : অসমৰ চিত্ৰকলাৰ ইতিহাস সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল । সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধন কৰা হৈছিল । চিত্ৰকলাৰ চিত্ৰসমূহ সেই সময়ত মূলতঃ দুটা শৈলীত ৰচনা কৰা হৈছিল, এটা ধৰ্মনিৰপেক্ষ ৰাজকীয় শৈলী আৰু আনটো হৈছে ধৰ্মমিশ্ৰিত সত্ৰীয়া শৈলী। সুকুমাৰ বৰকাইথৰ হস্তীবিদ্যাৰ্নৱ পুথি খনৰ ছবিসমূহে আহোম যুগৰ চিত্ৰকলাক সুন্দৰ ভাৱে প্ৰতিনিধিত্ব কৰিছে। প্ৰকৃতাৰ্থত এই পুথিখন অসমৰ চিত্ৰকলা স্বাক্ষৰ স্বৰূপ।
অসমৰ মুখাশিল্প : শংকৰদেৱৰ ধৰ্ম,সাহিত্য আৰু সংস্কৃতিলৈ থকা অৱদানসমূহ সততে আলোচনা হয় বা সৰ্বজনবিদিত। কিন্তু চিত্ৰকলা,ভাস্কৰ্য,স্থাপত্যৰ দিশলৈও তেঁওৰ অৱদান কোনো গুণে কম নহয়। শংকৰদেৱৰ নেতৃত্বত অসমত সূচনা হোৱা বৈষ্ণৱ আন্দোলনে যিবোৰ শিল্পকলাৰ জন্ম দিছিল তাৰ ভিতৰত মুখাশিল্প অন্যতম। ৰামায়ণ মহাভাৰতৰ আধাৰত ৰচিত ভাওনাৰ চৰিত্ৰ সমূহ বাস্তৱ কৰি তুলিবৰ বাবে মুখাৰ প্ৰচলন আৰম্ভ হৈছিল। এনে মুখাৰ ভিতৰত ৰাৱণ,ৰাম,হনুমান,যম,কালীয়নাগ আদি উল্লেখযোগ্য। মুখা মূলতঃ তিনি প্ৰকাৰৰ -- বৰ মুখা বা ছোঁ মুখা,লোটোকাই মুখা আৰু মূৰ মুখা বা মুখ মুখা। মাজুলীৰ চামুগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱ গোস্বামীয়ে মাজুলীৰ মুখাশিল্পক পোনপ্ৰথমে বিশ্ব দৰবাৰৰ মাজলৈ উলিয়াই আনে। তেখেতে অসমৰ বিভিন্ন ঠাইত,লগতে বহিঃৰাজ্যতো মুখাশিল্পৰ প্ৰদৰ্শনী পাতি বিশ্ববাসীৰ আগত অসমৰ বৈচিত্ৰতাৰ সৰু এক উপমা দাঙি ধৰে।
বাঁহ-বেতৰ শিল্প : অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ। বিশেষভাৱে মিজো পাহাৰ, কাছাৰ, মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ আৰু লখিমপুৰ জিলাৰ হাবিত বাঁহ-বেতৰ বিশাল বিস্তৃতি পোৱা যায়। অসমৰ গৌৰৱ তথা প্ৰতিজন অসমীয়াৰ স্বভিমান জাপিও এই বাঁহ-বেত শিল্পৰে অন্যতম নিদৰ্শন।
সম্পাদকীয়
জয়তু আনন্দৰাম ঢেকিয়াল ফুকন মহািদ্যালয়।
প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান বিভাগৰ পৰিয়ালে মহাবিদ্যালয়ৰ বাৰ্ষিক
প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাৰ বাবে এখনি প্ৰাচীৰ পত্ৰিকা আগবঢ়াই
আহিছে; ২০২৪ বৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়। অসম বৈচিত্ৰ্যৰ ভূমি আৰু
এইবাৰ আমি আমৰ প্ৰাচীৰ পত্ৰিকা খনৰ মাজেৰে তাকেই প্ৰতিফলিত কৰিব
চেষ্টা কৰিছোঁ। অসমৰ বিচিত্ৰতাক মাথো এখন প্ৰাচীৰ পত্ৰিকাৰে
সম্পূৰ্ণ ৰূপে প্ৰতিফলিত কৰাটো অসম্ভব। সেয়েহে আমি আমাৰ
শ্ৰেষ্ঠখিনি দি অসমৰ বৈচিত্ৰ্যৰ এক সামান্য অংশ উপস্থাপন কৰিলোঁ।
আশাকৰোঁ সকলোৱে ভাল পাব।
সকলোলৈ শ্রদ্ধা আৰু ধন্যবাদেৰে।
বিল্লাল খান
সম্পাদক, প্ৰাচীৰ পত্ৰিকা ২০২৪
সম্পাদনা সমিতি
সম্পাদক :
বিল্লাল
অলংকৰণ : অংকুৰ,
সৌৰভ,
ভাস্বতী,
সুব্ৰত
হস্তাক্ষৰ : মেহবুবা, ছয়দা,
দীক্ষিতা
সহায়ক : নয়ন,
ৰেজমিন,
নাজমিন,
পাৰবিন, পংখী,
এনিশা, পিয়া